নাজিৰা মহাবিদ্যালয়, নাজিৰা

ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমৰ অধীনস্থ English NIRF

নাজিৰা মহাবিদ্যালয়, নাজিৰা

বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু NAAC দ্বাৰা স্বীকৃতি প্ৰাপ্ত English NIRF

নাজিৰা মহাবিদ্যালয়, নাজিৰা

উজনি অসমৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান English NIRF

মহাবিদ্যালয় বাৰ্তা

নিবিদা পত্ৰ আহ্বান

নাজিৰা মহাবিদ্যালয়ৰ প্ৰযোজনীয় আন্তঃগাঠনিৰ কামৰ বাবে ইচ্ছুক/স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ, ফাৰ্মৰ পৰা নিবিদা আহ্বান কৰা হৈছে । নিবিদা পত্ৰ জমা দিযাৰ শেষ তাৰিখ ১৮ - ০২ - ২০১৭ । নিবিদা সমূহ ২০ - ০২- ২০১৭ তাৰিখে মুকলি কৰা হ'ব

নিবিদাৰ জাননী ডাউনল'ড কৰক

নিবিদা পত্ৰ আহ্বান

নাজিৰা মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ প্ৰযোজনীয় আন্তঃগাঠনিৰ কামৰ বাবে ইচ্ছুক/স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ, ফাৰ্মৰ পৰা নিবিদা আহ্বান কৰা হৈছে । নিবিদা পত্ৰ জমা দিযাৰ শেষ তাৰিখ ১৫ - ১০ - ২০১৬ । নিবিদা সমূহ ১৭ - ১০- ২০১৬ তাৰিখে মুকলি কৰা হ'ব

নিবিদাৰ জাননী ডাউনল'ড কৰক

নামভৰ্ত্তিৰ জাননী ২০১৬-২০১৭

প্ৰ-পত্ৰ দিয়াৰ তাৰিখ :০১-০৬-২০১৬
নামভৰ্ত্তিৰ তাৰিখ :
উচ্চতৰ মাধ্যমিক (১০+২)::২১-০৬-২০১৬
স্নাতক (কলা শাখাৰ)::২২-০৬-২০১৬
স্নাতক (বৃত্তিমূলক পাঠ্যক্ৰম)::২৩-০৬-২০১৬


বিনামূলীয়া নামভৰ্ত্তি - 1ম বৰ্ষ (উঃমাঃ আৰু স্নাতক)

কবিসন্ধি

যোৱা ইংৰাজী ২১ আগষ্ট ২০১৫ তাৰিখে মহাবিদ্যালয় প্ৰাংগনত সাহিত্য একাডেমীৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত কবিসন্ধি শীৰ্ষক এখনি কবিতাৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হৈ যায় | প্ৰতিষ্ঠিত কবি আনিছ উজ জামানে মুখ্য সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত সাহিত্য একাডেমীৰ হৈ ভাগ লয় সাহিত্য একাডেমীৰ অসমীআ ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপিকা, সু সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই | তদুপৰি শিৱসাগৰ জিলাৰ ন-পুৰণি বহু কবি তথা স্থানীয় সাহিত্যনুৰাগী উপস্থিত থাকি অনুষ্ঠানটো সজীৱ কৰি তোলে |

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সাহাৰ্য্যত মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা প্ৰাধিকৰণৰ সহযোগত যোৱা ইংৰাজী ১৬ আৰু ১৭ অক্টোবৰ, ২০১৫ তাৰিখে Micro-teaching for better teacher শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় | এই কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাধ্যাপক জে চি ছনি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাধ্যাপক ড° প্ৰবীণ গগৈ | কৰ্মশালাটোত নাজিৰা মহকুমাৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ বিদ্যালয় তথা মহাবিদ্যালয়ৰ বহু শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশগ্ৰহণ কৰে |

গ্ৰন্থাগাৰলৈ সামগ্ৰী প্ৰদান

যোৱা ইংৰাজী ২৪ জুলাই, ২০১৪ তাৰিখে নাজিৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰয়াত তৈয়ব উল্লাহৰ পৱিত্ৰ স্মৃতিত মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ এটি কিতাপৰ আলমিৰা প্ৰদান কৰে |

অধ্যক্ষৰ দু-আষাৰ

member নাজিৰা মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আপোনালোক সদৌটিক এই ৱেব পেজলৈ স্বাগতম জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ । এই মহাবিদ্যালয় উজনি অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা মহকুমাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান । সামাজিক দায়বদ্ধতাক সন্মুখত লৈ গুণগত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰি সকলোকে দেশৰ একো একোজন সু-নাগৰিক ৰূপে গঢ় দিয়াই নাজিৰা মহাবিদ্যালয়ৰ মূল লক্ষ্য আৰু উদ্দেশ্য ।

এই ছেগতে যিসকল ব্যক্তিৰ অশেষ ত্যাগ আৰু প্ৰচেষ্টাৰ ফলত মহাবিদ্যালয়্খনে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল সেইসকল প্ৰাতঃস্মৰণীয় ব্যক্তিলৈ মহাবিদ্যালয় পৰিয়ালৰ হৈ সশ্ৰদ্ধে প্ৰণিপাত জনালোঁ ।

মহাবিদ্যালযখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ণ আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক-বৌদ্ধিক-সাংস্কৃতিক তথা ক্ৰীড়া, সাহিত্য প্ৰতিভা আদিৰ উৎকৰ্ষ সাধনৰ বাবে আপোনালোক সকলোৰে সহায়-সহযোগিতা সাদৰেৰে কামনা কৰিলোঁ ।

উপলব্ধ সুবিধাসমূহ

নাজিৰা মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা উল্লেখনীয় সুবিধাসমূহ হ'ল

অত্যাধুনিক শ্ৰেণীকোঠা

গ্ৰন্থাগাৰ

পৰীক্ষাগাৰ

কম্পিউটাৰ শিক্ষা

ইন্টাৰনেট

জিৰণী কোঠা

কেন্টিন

ছাত্ৰ একতা সভা

ছাত্ৰাৱাস

স্কাউট গাইড

এন এচ এচ / এন চি চি

ফ'ৰাম

শিক্ষামূলক ভ্ৰমণ

সাহাৰ্য্য পুজি

ক্ৰীড়া

ৰক্ত দান শিবিৰ

কেৰিয়াৰ সজাগতা

উৎসৱ পাৰ্বণ

নাজিৰা মহাবিদ্যালয়

উজনি অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা মহকুমাৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল নাজিৰা মহাবিদ্যালয় | ১৯৮১ চনৰ ১৮ আগষ্ট তাৰিখে নাজিৰাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাৰ সিদ্ধান্তমৰ্মে নাজিৰা নগৰ তথা সমীপৱৰ্ত্তী অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক, আৰু সামাজিক দিশটোৰ প্ৰতি সচেতন কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যেৰে ১৯৮১ চনৰ ১৬ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয় |


প্ৰতিষ্ঠা কালৰে পৰা মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়নৰ হকে স্থানীয় ব্যক্তিসকলে পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াই আহিছে | কেৱল মানসিক বা কায়িকভাৱেই নহয় অৰ্থনৈতিক দিশেৰেও আগবঢ়োৱা এই অৱদান অনস্বীকাৰ্য | স্থানীয় লোকসকলৰ সহযোগিতা তথা মহাবিদ্যালয় পৰিয়ালৰ সমূহ প্ৰচেষ্টাত মহাবিদ্যালয়খনে ১৯৯৬ চনত প্ৰাদেশীকৃত মৰ্যদা লাভ কৰিবলৈ সক্ষম হয় |


প্ৰয়োজনীয় আন্তঃগাঠনিৰ বাবে মহাবিদ্যালয়খনত মুঠ ৫.১৭ একৰ পৰিমাণৰ মাটিকালি আছে । যথেষ্টসংখ্যক পাঠদান কক্ষ, ডিজিটেল স্মাৰ্ট ক্লাছৰুম, প্ৰশাসনীয় ভৱন, শিক্ষক শিক্ষয়ত্ৰীৰ জিৰণী কোঠা, ছাত্ৰ-ছাত্ৰীৰ জিৰণি কোঠা, গ্ৰন্থাগাৰ, খেলপথাৰ, কেণ্টিন, শীতল খোৱাপানী আদি বহু অত্যাধুনিক সা-সুবিধা এই মহাবিদ্যালয়ত উপলব্ধ |

মহাবিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ

উচ্চতৰ মাধ্যমিক (কলা শাখা) , কলা শাখাৰ স্নাতক আৰু বৃত্তিমূলক শিক্ষাৰ স্নাতক পাঠ্যক্ৰম

উচ্চতৰ মাধ্যমিক (কলা শাখা) : উচ্চতৰ মাধ্যমিক (কলা শাখা) ৰ পৰীক্ষাসমূহ অসম শিক্ষা সংসদৰ অধীনত দুতৰপীয়াকৈ অনুষ্ঠিত হয় । প্ৰাৰম্ভিক শৈক্ষিক বৰ্ষৰ অন্তত প্ৰথম ভাগৰ আৰু দ্বিতীয় শৈক্ষিক বৰ্ষৰ অন্তত মূল পৰীক্ষাত বহিব লাগে । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিম্নোক্ত বিষয়্সমূহ অধ্যয়নৰ বাবে উপলব্ধ :
বাধ্যতামূলক বিষয়সমূহ : ক) ইংৰাজী খ) আধুনিক ভাৰতীয় ভাষা ( অসমীয়া ) গ) ঐচ্ছিক ইংৰাজী ( আধুনিক ভাৰতীয় ভাষাৰ পৰিৱৰ্তে)
ঐচ্চিক বিষয়্সমূহ: অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী, শিক্ষাতত্ব, উচ্চ অসমীয়া, সমাজতত্ব, ভূগোল, গণিত আৰু পৰিসংখ্যা । উল্লিখিত বিষয়সমূহৰ পৰা নূন্যতম তিনিটা বিষয় বাচি লব পাৰি ।
আসনৰ সংখ্যা : ৩০০ (তিনিশ)

কলা শাখাৰ স্নাতক পাঠ্যক্ৰম: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী আৰু আধুনিক ভাৰতীয় ভাষা ( অসমীয়া ) অথবা ঐচ্ছিক ইংৰাজী ( আধুনিক ভাৰতীয় ভাষাৰ পৰিৱৰ্তে) বাধ্যতামূলক বিষয় হিচাপে আৰু অন্য বিষয় সমূহ ঐচ্ছিক বিষয় হিচাপে আগবঢ়োৱা হয় । ছাত্ৰ-ছাত্ৰীসকলক পছন্দ অনুসৰি ক্ৰম অনুযায়ী নিজৰ সন্মানীয় বিষয় নিৰ্বাচন কৰাৰ সুবিধা দিয়া হয় । সন্মানীয় বিষয় হিচাপে অধ্যয়ন কৰিব পৰা বিষয়্সমূহৰ তালিকা তলত দিয়া ধৰণৰ । ভাষাভিত্তিক পাঠ্যক্ৰমক সন্মানীয় বিষয় হিচাপে লোৱা ছাত্ৰ-ছাত্ৰীসকলে সন্মানীয় বিষয়ৰ ওপৰিও দুটাকৈ ঐচ্ছিক বিষয় অধ্যয়ন কৰাটো বাধ্যতামূলক (বিশ্ববিদ্যালয়ৰ নিৰ্দেশানুযায়ী)
সন্মানীয় বিষয়্সমূহ : অসমীয়া, ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ব, ভূগোল, ৰাজনীতি বিজ্ঞান, সমাজতত্ব, গণিত ।
সাধাৰণ বিষয়সমূহ : অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ব, ভূগোল, ৰাজনীতি বিজ্ঞান, সমাজতত্ব, গণিত আৰু পৰিসংখ্যা ।
আসনৰ সংখ্যা: ৩০০ (তিনিশ)

বৃত্তিমূলক শিক্ষাৰ স্নাতক পাঠ্যক্ৰম: ফেশ্যন ডিজাইনিং, ইনফৰ্মেচন টেকনলজী
আসনৰ সংখ্যা : ৩০ খনকৈ

স্ব-নিয়োজনৰ পাঠ্যক্ৰম: কম্পিউটাৰ এপলিকেশ্যন, ফুড প্ৰচেচিং, ফটোগ্ৰাফী, মোবাইল ৰিপেয়াৰিং ।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ পাঠ্যক্ৰম সমূহ: অসমীয়া, ইংৰাজী, অৰ্থনীতি, বুৰঞ্জী, শিক্ষাতত্ব, ৰাজনীতি বিজ্ঞান, সমাজতত্ব আৰু গণিতৰ স্নাতক পাঠ্যক্ৰম

শৈক্ষিক নিয়মাৱলী

নাজিৰা মহাবিদ্যালয়ৰ নামভৰ্ত্তি, পৰীক্ষা ব্যৱস্থা, পাঠদান, ছাত্ৰ্-ছাত্ৰীৰ উপস্থিতি বিষয়ক নীতি তথা নিয়মাৱলীসমূহ

উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাৰ পৰীক্ষা ব্যৱস্থাঃ উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা চুড়ান্ত পৰীক্ষাত আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত চুড়ান্ত পৰীক্ষাত অৱৰ্তীণ হ'ব লাগিব ।
মহাবিদ্যালয়ৰ সাময়িক গোট পৰীক্ষাসমূহ ছেপ্তেম্বৰ/অক্টোবৰ মাহৰ ভিতৰত অনুষ্ঠিত হয় । তদুপৰি প্ৰতি তিনিমাহৰ মূৰে মূৰে দুটাকৈ শ্ৰেণী পৰীক্ষা মহাবিদ্যালয়ৰ ফালৰ পৰা লোৱা হয় । এই সকলোবোৰ পৰীক্ষাতে ছাত্ৰ-ছাত্ৰীসকল অৱৰ্তীণ হোৱাটো বাধ্যতামূলক । উপযুক্ত কাৰণ অবিহণে কোনো ছাত্ৰ-ছাত্ৰীকে এই পৰীক্ষাসমূহৰ পৰা ৰেহাই দিয়া নহয় ।

নামভৰ্ত্তিৰ প্ৰক্ৰিয়া ( উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাৰ বাবে ): নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰে মহাবিদ্যালয়ৰ নামভৰ্ত্তিৰ বাবে গঠন কৰা তদৰ্থ কমিটিয়ে । এই কমিটিখনত প্ৰতিটো বিভাগৰ মুৰব্বী অধ্যাপক-অধ্যাপিকাসকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্চালক হিচাপে নিয়োজিত হৈ থাকে । মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে নিম্নোক্ত নিয়মাৱলীসমূহ মানি চলা বাধ্যতামূলক -

  1. নামভৰ্তিৰ বাবে আবেদন পত্ৰ মহাবিদ্যালয়ৰ বেৱছাইট বা পোনপটীয়াকৈ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব । আৱেদন পত্ৰখনৰ লগত মহাবিদ্যালয়ৰ সকলো তথ্যসম্বলিত এখন পুস্তিকা লাভ কৰিব । পুস্তিকাখনত নামভৰ্তিৰ বাবে প্ৰয়োজনীয় সকলো নীতি-নিয়ম সন্নিৱিষ্ট থাকিব ।
  2. নামভৰ্তিৰ বাবে কোনো বাচনি পৰীক্ষা অনুষ্ঠিত নহয় । আসন সমূহ সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হয় । অধ্যক্ষৰ অনুমোদন সাপেক্ষে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰে ।
  3. নামভৰ্তি প্ৰক্ৰীয়াত প্ৰাৰ্থীসকলে নিম্নোক্ত নথি-পত্ৰসমূহ দাখিল কৰাটো বাধ্যতামূলক -
    • যোগ্যতা নিৰ্ণায়ক পৰীক্ষা উৰ্ত্তীণ হোৱাৰ মূল প্ৰমাণপত্ৰ আৰু নম্বৰ তালিকা ( উচ্চ মাধ্যমিকৰ পৰা আৰম্ভ কৰি ) ।
    • গেপ চাৰ্টিফিকেট ( শিক্ষাবৰ্ষ বিৰতি হোৱা সকলৰ বাবে ) ।
    • এখন পাছ্পৰ্ট জোখৰ ফটো ।
    • মাইগ্ৰেছন চাৰ্টিফিকেট ( অন্য বৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা অহাসকলৰ বাবে ) ।
  4. নামভৰ্তিৰ পিছত যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে বিষয় সলনি কৰিব বিচাৰে তেন্তে নামভৰ্তিৰ এমাহৰ ভিতৰত অধ্যক্ষলৈ আৱেদন পত্ৰ দি বিষয় সলনি কৰিব পাৰিব ।
  5. উচ্চতৰ মাধ্যমিক ১ম বাৰ্ষিক আৰু স্নাতক ১ম ষন্মাসিকত অনুৰ্তীণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ নামভৰ্তি কৰিব লাগিব | তেওঁলোকক নামভৰ্তিৰ ক্ষেত্ৰত কোনো বিশেষ সুবিধা প্ৰদান কৰা নহয় ।
  6. অনুসূচিত জাতি/ জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰী নিৰ্দেশনা অনুযায়ী আসন সংৰক্ষণৰ ব্যৱস্থা আছে । সংৰক্ষিত আসনত নামভৰ্তিৰ বাবে নিৰ্ধাৰিত কতৃপক্ষই প্ৰদান কৰা জাতিগত প্ৰমাণপত্ৰ জমা জমা দিব লাগিব ।

মহাবিদ্যালয়ত পালনীয় নীতি-নিয়মসমূহ:

  1. মহাবিদ্যালয় কতৃপক্ষই সূচনা কৰা সকলো নীতি-নিয়ম মানি চলাৰ লগতে সুচৰিত্ৰ তথা ভাল আচৰণৰ গৰাকী হোৱাটো বাধ্যতামূলক ।
  2. মহাবিদ্যালয় কতৃপক্ষই নিৰ্দিষ্ট কৰি দিয়া সময়-সূচী মানি চলা আৰু ইউনিফৰ্ম পৰিধান কৰি অহাটো বাধ্যতামুলক ।
  3. মহাবিদ্যালয় বা হোষ্টেলৰ চৌহদত কোনো অপৰাধজনিত কাৰ্য যেনে ৰেগিং, মাদক দ্ৰৱ্য সেৱন, গুটখা জাতীয় দ্ৰব্য গ্ৰহণ , অনৈতিক কাৰ্যকলাপ আদিত জড়িত হ'ব নোৱাৰিব ।

পাঠদানত উপস্থিতি : সকলো ছাত্ৰ-ছাত্ৰীয়েই শ্ৰেণী পাঠদানত উপস্থিত থকাটো নিতান্তই বাধ্যতামূলক । উপস্থিতিৰ হাৰ ৬০% তকৈ কম কম হলে ছাত্ৰ-ছাত্ৰীসকলক ডিচ-কলেজিয়েট হিচাপে গণ্য কৰা হ'ব আৰু তেনে ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত অৱৰ্ত্তীণ হ'বলৈ দিয়া নহয় । ৭৫% তকৈ কম উপস্থিতিৰ ছাত্ৰ-ছাত্ৰীক নন-কলেজিয়েট হিচাপে চিহ্নিত কৰি জৰিমনা আদায় লোৱা হ'ব । কোনো ছাত্ৰ বা ছাত্ৰী নামভৰ্তিৰ পাছৰ ২৫ দিনৰ দিনালৈকে উপস্থিত নাথাকিলে তেওঁৰ আসনখন অন্য প্ৰাৰ্থীৰে পূৰণ কৰাৰ ব্যৱস্থা লোৱা হয় । ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰিক পাঠদানত উপস্থিত থকাটো বাধ্যতামূলক।

সহঃ পাঠ্যক্ৰম : পাঠ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ অধ্যয়নৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে অন্যান্য সহ-পাঠক্ৰমিক ক্ৰীড়া, সৃষ্টিশীল কাৰ্যকলাপ, সামাজিক-সাংস্কৃতিক অনুষ্ঠান আদিত অংশগ্ৰহণ কৰাটো অপৰিহাৰ্য । আজিৰ প্ৰতিযোগিতামূলক বিশ্বত খোজৰ লগত খোজ মিলাই নিজক আগবঢ়াই লৈ যাব পৰাকৈ প্ৰস্তুত কৰি তুলিবৰ বাবে এনেবোৰ দিশত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয় ।

মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল

ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নেই আমাৰ মূলমন্ত্ৰ

প্ৰশাসন
  • staff

    ড. ৰাজু ফুকন

    অধ্যক্ষ
  • staff

    শ্ৰীযুতা জিনা বৰবৰা

    উপাধ্যক্ষা
অসমীয়া বিভাগ
  • staff

    ড. জীৱন কলিতা

    সহযোগী অধ্যাপক
  • staff

    ৰাজীৱ বৰা

    সহযোগী অধ্যাপক
  • staff

    ৰশ্মি শিখা কোঁৱৰ

    সহকাৰী অধ্যাপিকা
  • staff

    জ্যোতি ৰঞ্জন মিলি

    সহকাৰী অধ্যাপক
অৰ্থনীতি বিভাগ
  • staff

    বিনোদ চন্দ্ৰ দত্ত

    সহকাৰী অধ্যাপক
  • staff

    পৱিত্ৰ শৰ্মা

    সহযোগী অধ্যাপক
  • staff

    মঞ্জু শেনচোৱা

    সহযোগী অধ্যাপিকা
  • staff

    ড. পল্লৱজ্যোতি কোঁৱৰ

    সহযোগী অধ্যাপক
শিক্ষা বিভাগ
  • staff

    জিনা বৰবৰা

    সহকাৰী অধ্যাপিকা
  • staff

    লুইচ সন্দিকৈ

    সহযোগী অধ্যাপিকা
  • staff

    ড. সুৰেশ ৰাজকোঁৱৰ

    সহযোগী অধ্যাপক
  • staff

    মৌচুমী দুৱৰা

    সহকাৰী অধ্যাপিকা
ইংৰাজী বিভাগ
  • staff

    চৈয়দা তচলিমা ৰহমান

    সহকাৰী অধ্যাপিকা
  • staff

    আব্দুল ফিৰোডাছ

    সহযোগী অধ্যাপক
  • staff

    ৰাজীৱ কলিতা

    সহকাৰী অধ্যাপক
  • staff

    কাশ্মীৰী বৰুৱা

    সহকাৰী অধ্যাপিকা
  • staff

    অনামিকা মিলি

    সহকাৰী অধ্যাপিকা
ভূগোল বিভাগ
  • staff

    ড. অজিত চন্দ্ৰ বৰা

    সহযোগী অধ্যাপক
  • staff

    গজেন্দ্ৰ শৰ্মা

    সহকাৰী অধ্যাপক
  • staff

    ইন্দ্ৰানী মজুমদাৰ

    সহকাৰী অধ্যাপিকা
বুৰঞ্জী বিভাগ
  • staff

    পবন গগৈ

    সহযোগী অধ্যাপক
  • staff

    পৰশ প্ৰাণ শইকীয়া

    সহকাৰী অধ্যাপক
  • staff

    তৃপ্তি বুঢ়াগোঁহাই

    সহকাৰী অধ্যাপিকা
  • staff

    অনমিকা বৰুৱা

    সহকাৰী অধ্যাপিকা
গণিত বিভাগ
  • staff

    জিতেন ফুকন

    সহযোগী অধ্যাপক
  • staff

    সুজাতা বৰঠাকুৰ

    সহযোগী অধ্যাপিকা
ৰাজনীতি বিভাগ
  • staff

    নিৰু চুতিয়া

    সহকাৰী অধ্যাপিকা
  • staff

    যোগল ভৰালী

    সহকাৰী অধ্যাপক
  • staff

    সৰোজিনী দত্ত

    সহযোগী অধ্যাপিকা
  • staff

    মীনাক্ষী হাজৰিকা

    সহকাৰী অধ্যাপিকা
সমাজতত্ব বিভাগ
  • staff

    প্ৰীতি ৰেখা সন্দিকৈ

    সহযোগী অধ্যাপিকা
  • staff

    শান্তি দত্ত

    সহযোগী অধ্যাপিকা
  • staff

    অচ্যুত হাজৰিকা

    সহযোগী অধ্যাপক
  • staff

    সুৰভি গগৈ

    সহকাৰী অধ্যাপিকা
পৰিসংখ্যা বিভাগ
  • staff

    পূৰ্ণ কান্ত গগৈ

    সহযোগী অধ্যাপক
  • staff

    ডেইজী গগৈ

    সহযোগী অধ্যাপিকা
ফেশ্যন ডিজাইনিং
  • staff

    ৰবিনা বৰুৱা

    সহকাৰী অধ্যাপক
  • staff

    প্ৰাঞ্জল প্ৰতিম দত্ত

    সহকাৰী অধ্যাপক
তথ্য প্ৰযুক্তি বিভাগ
  • staff

    অৰিন্দম খাটনিয়াৰ

    সহকাৰী অধ্যাপক
  • staff

    সুব্ৰত চেতিয়া

    সহকাৰী অধ্যাপক
  • staff

    সঞ্জীৱ গগৈ

    সহকাৰী অধ্যাপক
গ্ৰন্থাগাৰ
  • staff

    ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা

    গ্ৰন্থাগাৰিক
  • staff

    ধনিৰাম খনিকৰ

    গ্ৰন্থাগাৰ সহায়ক
  • staff

    আদিত্য কলিতা

    গ্ৰন্থাগাৰ সহায়ক
কাৰ্য্যালয়
  • staff

    কৃষ্ণা বৰুৱা

    জ্যেষ্ঠ সহায়ক
  • staff

    খকন চন্দ্ৰ দে

    কনিষ্ঠ সহায়ক
  • staff

    প্ৰণৱ সন্দিকৈ

    কনিষ্ঠ সহায়ক
কাৰ্য্যালয়
  • staff

    খলিলুৰ ৰহমান

    কনিষ্ঠ সহায়ক
  • staff

    অঞ্জু বৰা

    কনিষ্ঠ সহায়ক
  • staff

    মানসী নাওঁশলীয়া

    কনিষ্ঠ সহায়ক
চতুৰ্থ বৰ্গ
  • staff

    শশী খনিকৰ

  • staff

    হেম বৰগোঁহাই

  • staff

    কিশোৰীলাল কৈৰী

চতুৰ্থ বৰ্গ
  • staff

    আনন্দ সন্দিকৈ

  • staff

    ধ্ৰুৱজ্যোতি বৰগোঁহাই

  • staff

    বাবুল মাৰাৰ

যোগাযোগৰ ব্যৱস্থা

উজনি অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাত এই মহাবিদ্যালয় অৱস্থিত | নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালায় মহাবিদ্যালয়ৰ নিচেই সমীপত | ওচৰতে থকা ঐতিসাহিক ধোদৰ আলি আৰু ৰেল সেৱা ব্যৱস্থাই মহাবিদ্যালয়খনলৈ যাতায়ত অধিক সুচল কৰি তুলিছে |

আমাৰ ঠিকনা

নাজিৰা মহাবিদ্যালয়, নাজিৰাবৰ্ডিং ৰোড, নাজিৰা শিৱসাগৰ (অসম)পিন ৭৮৫৬৮৫


দূৰভাষ: (০৩৭৭২) ২৫১০৮৩

ই মেইল: naziracollege@yahoo.in